এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
কৃষ্ণ উপদেশ জানিবা নিঃশেষ
অদ্যপি পৰম জ্ঞান,
তথাপি কৃষক এৰিবে খোজন্ত
যেন ফুটি যাই প্ৰাণ।
ভৃত্যৰ সন্তাপ দেখি কৃপাময়
নয়ন ভৈল সজল,
উদ্ধৱক ধৰি প্ৰবোধ বোলন্ত
তেজিয়ো আবে বিকল।
আমাৰ দুইখানি খৰম লৈ যাহা
কৰা শোক পৰিহাৰ,
আকে সেৱা কৰি থাকা প্ৰাণসখি
পালিয়া আজ্ঞা আমাৰ।
উঠা উঠা ঝাণ্টে ইটো দ্বাৰকাত
তুমি নাথাকিবা ৰৈ,
কৃষ্ণৰ সুদৃঢ় আদেশ শুনিয়া
উঠিল আকুল হুই।
দুখানি খৰম মাথাত বান্ধিয়া
পুনু প্ৰণামিলা পৰি,
কৃতাঞ্জলি ধৰি পাছে পাছে ডৰি
ধীৰে ধীৰে যান্ত লৰি॥
................
৩৯। মূল ঘোষাঃ-
মাতৃৰ গৰ্ভতে নাৰদৰ কৃপাতে
প্ৰহ্লাদে ঈশ্বৰক পালে।
পাঁচ বছৰতে ভকতি কৰোতে
দৈত্যৰাজে শাস্তি দিলে।
(৭২)