পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


দৈৱকী দেবীক বাক্য বুলি আশ্বাসী।
পাছে নিজ ৰূপে উপজিলা দামোদৰ,
দেখি পিতৃ মাতৃ তুতি কৰিলা বিস্তৰ।
উপৰি জন্মৰ কথা নাৰায়ণে কৈলা,
কংসৰ ভয়ে বসুদেৱে গোকুলত থৈলা।
দেখি পুত্ৰ মুখ নন্দে আনন্দে বিহ্বল,
তনয়ৰ জাত কৰ্ম্ম কৰাইলা সকল।
দৈত্যক বধিবে আৰম্ভিলা গোকুলত,
পুতনাৰ চেতনা শুষিলা প্ৰথমত।
শকটৰ তলে থৈলা যশোদা শুৱাই,
পেলাইলাহা পাৱে শকটক ওভতাই।
তুলিলাহা হামি যশোদাৰ পিয়া স্তন,
গৰ্ভতে দেখিলা দেৱী চৈধ্যয় ভূৱন।
বিস্ময় হুয়া আসি মুদিলা সুন্দৰী,
তাত পাছে চক্ৰবাতে নিলা চুৰি কৰি।
গলত চিপিয়া ধৰি পেহলাইলা শিলাত,
মৰি গৈল দুষ্ট দৈত্য তোমাৰ লীলাত।
জাত কৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম,
ক্ৰীৰন্তে ফুৰন্তে গোকুলত কৃষ্ণ ৰাম।

ভাঙনি ঘোষা:-
কৃষ্ণ অৱতাৰ শান্তৰূপী দৈৱকীত।
দৃঢ়-ভক্তিত বান্ধ লৈলা মাতৃ যশোদাত॥

পদ:-
নিৰ্ঘাত শঙ্কিয়া খেদি আহিলা গোপজাক,
বন্দী হুয়া আছ নন্দে দেখিলে তোমাক।
হাসিলেক কোনে হেন কৰিলেক বুলি,
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি।
কিনো আতি নন্দ যশোদাৰ মহাভাগ,

(৬৩)