সমললৈ যাওক

পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


কৃষ্ণৰ সেৱক সৱ পৰম নিৰ্ম্মল,
জগত পৱিত্ৰ কৰে তাহাৰা সকল।
তাসম্বাক সেৱা আতি কৰন্তে সদায়,
ভক্তি প্ৰতিবন্ধ নষ্ট হোৱে সমুদায়।
হৰি পদ হন্তে গঙ্গা হুয়া উতপতি,
ভৈল এৰা এৰি সিটো চৰণে সহিতি।
সন্তৰ হিয়াত সদা হৰি প্ৰকাশন্ত,
এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত।
মুকুতি সুখক প্ৰতি ইচ্ছা আছে যাৰ,
কহিলো সন্তৰ সঙ্গ প্ৰাৰ্থনি তাহাৰ।
লভিবে মুকুতি পায়া সাক্ষাতে কৃষ্ণক,
তাৰাসবো বাঞ্চা কৰে সাধুৰ সঙ্গক।
লৈয়োক প্ৰমাণ আৰ ধ্ৰুৱৰ বচনে,
কৰন্ত প্ৰাৰ্থনা আতি কৃষ্ণৰ চৰণে।
সদায়ে তোমাত যিটো কৰয় ভকতি,
পৰম নিৰ্ম্মল তাৰা সমস্তৰ মতি।
তাসম্বাৰ প্ৰসঙ্গ সততে মোৰ হৌক,
হেন অনুগ্ৰহ নাথ কৰিয়োক মোক।

.........................

৩৪। মূল ঘোষা:-
কৃষ্ণ তুমি জন্ম লৈলা কংস কাৰাগাৰে;
বসুদেৱে থৈলে আনি যমুনাৰ ইপাৰে।
নন্দৰ ঘৰে গৰু চাৰি কৰা লীলা যত;
শঙ্কৰদেৱে নিবন্ধিলে পুথি দশমত॥

পদ:-
ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস,
লৈলা দৈৱকীৰ উদৰত হৰি বাস।
গৰ্ভতো বিধাতা তুতি কৰিলন্ত আসি,

(৬২)