বৃন্দাবনৰ গোঁসায়ে মোহন বাঁহী লৈ।
ভৰুতৰ সঙ্গতে আছেহি ৰৈ॥
পদঃ—
যদ্যপি অজিত তুমি তিনিও জগতে,
তথাপি তোমাক জিনৈ সেহিসে ভকতে।
মুকুতি ৰসকো স্ৰৱে তোমাৰ ভকতি,
তাঙ্ক এৰি জ্ঞান পথে যিটো কৰে ৰতি॥
ক্লেশ মাত্ৰ পাৱৈ সিটো নিস্ফল প্ৰয়াসে,
বাহানে পতান যেন তণ্ডুলক আশে।
যিটো জনে ভূঞ্জৈ নিজ কৰ্ম্মৰ বিপাক,
আপেক্ষিয়া থাকে প্ৰভূ তোমাৰ কৃপাক॥
কায় বাক্য মনে নমৈ চৰণ তোমাৰ,
সি সি জন মুকুতি পদৰ অধিকাৰ।
ভকতত পৰে শ্ৰেষ্ঠ কতো নাই নাই,
হৰি যাৰ পাছে পাছে ফুৰন্ত সদায়॥
নলাগায় গঙ্গা গয়া তীৰ্থক কৰিতে,
বিচাৰি দেখোক সবে আছে শৰীৰতে।
হৃদয়তে আছে কৃষ্ণ পাবাহা বিচাৰি,
মহাপাপীজনো তৰে কৃষ্ণক সুমৰি॥
হৰি পদ হন্তে গঙ্গা হুয়া উত পতি,
ভৈলা এৰা এৰি সিটো চৰণে সহিতি।
সন্তৰ হিয়াত সদা হৰি প্ৰকাশন্ত,
এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত॥
ভাঙনি ঘোষাঃ-
নালাগে তীৰ্থক হৰি হৃদয়তে আছে।
ভকতেহে পৰমতীৰ্থ সৰ্ব্ব শাস্ত্ৰে কহে।
পদঃ-
ভকতিৰ প্ৰতিবন্ধ যত পাপচয়,
ভকত জনৰ সেৱাতে সে নষ্ট হয়।
(৬১)