পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


বুলিলা তোমাৰ সঙ্গ নুখুজিলো কিক,
ভকত সবৰ সঙ্গ তোমাতো অধিক।
যথাত থাকন্ত তযু একান্ত ভকত,
তোমাৰ নিৰ্ম্মল কথা তৈতেসে বেকত।
ইটো কথা মৃত পান কৰে যিটো জন,
গুচে তৃষ্ণা আদি তাৰ শুদ্ধ হোৱে মন।
দূৰ হোৱে বৈৰীভাৱ সমস্তে ভূতত,
একো উপসৰ্গ তাৰ নুপজে মনত।
হেনয় মহন্ত সৱ থাকন্ত যথাত,
থাকা তুমিনাৰায়ণ সাক্ষাতে তথাত।

.............................

৩২। মূল ঘোষা:-
তোমাক ভজিম বুলি ভক্তি পাত্ৰ লৈ।
আহিছিলো মায়াময় সংসাৰলৈ॥
বজাৰ দেখি ভোল গলো হৰি হৰি ঐ।
উভতিবৰ হ'ল খালি মোনা লৈ॥

পদ:-
ভক্তিসে প্ৰধান বস্তু জানা সৰ্ব্বজন।
কেনে নকৰয় হৰি চৰিত্ৰ কীৰ্ত্তন।
অনেক সংযোগে নৰতনু আছে পায়।
নাহিকে শ্বাশ্বত আৰু ক্ষণিকে পৰায়॥
ধনজন পুত্ৰ ভাৰ্য্যা যত অভি লাস।
কালে পাইলে হুইব সৱ যে বিনাশ॥
যিকালত স্ৰৰ্জিলন্ত আদি নিৰঞ্জন।
সি কালত পুত্ৰ কৈত পালা কোন জন॥
মায়াতেসে মায়াৰ পাশত কৰি বন্দী।
যেন নাক বিন্ধি বলধিক আছে ছান্দি।
ধন জন পুত্ৰ ভাৰ্য্যা স্নেহ দৰশাই।
তাতে পাচে ওপজয় এৰন নাযাই॥

(৫৯)