পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

সেহিমতে পুত্ৰ ভাৰ্য্যা জানিবা নিস্ফল,
নাহি তাত সুখ মাত্ৰা দুখেহে কেৱল॥
দুখ দূৰ হৈবে বুলি সুখ হৈব মনে,
পোষে পুত্ৰ ভাৰ্য্যা ধন অনেক যতনে।
মহাদুখে বোজা লৈয়া পাৱে গৈয়া ঘৰ,
তথাপিতো বুঢ়া বুলি কৰে অনাদৰ॥
ভাৰ্য্যায়ে নধৰে বোজা পুত্ৰই থাকে চাই,
দুখৰ বোজাত ৰাজহাড় ভাগি যায়।
ভাৰ্য্যাৰ আগত কথা কহে যশ কৰি,
তথাপিতো পাপী নুসুমৰে ৰাম হৰি॥

ভাঙনি ঘোষা:-
সাধু সঙ্গ লোৱা ভাই, সাধু সঙ্গ লোৱা।
ঈশ্বৰক পাইবা তেবে নিস্তাৰিয়া মায়া।

পদ:-
দেন্ত উপদেশ হৰে দশ প্ৰচেতাক,
শুনিয়োক ৰাজপুত্ৰ সবে মোৰ বাক।
কহে তোমাসাত সবে শাস্ত্ৰৰ সন্মত,
কৰিবা প্ৰাৰ্থনা সবে চৰণ কৃষ্ণত।
তযু পদ স্মৰণে মনৰ হল হৰে,
পাদোদক্‌ গঙ্গাৱে বাহিৰ শুদ্ধি কৰে।
এহি দুই তীৰ্থ সেৱী মহন্ত সকল,
বাহিৰে ভিতৰে হোৱে পৰম নিৰ্ম্মল।
এতেকে ভূতক দয়া কৰে নিৰন্তৰ,
লোভ মোহকাম ক্ৰোধ গুচিল মনৰ।
হেন ভকতৰ সঙ্গ কৰিয়োক দান,
আমাক তোমাৰ অনুগ্ৰহ এহিমান।
জন্মে জন্মে হৌক তযু সঙ্গ ভকতৰ,
মিলোক প্ৰসঙ্গ প্ৰভূ দিয়ো এহি বৰ।

(৫৮)