সমস্ত যজ্ঞৰে ৰাজা যিটো ৰাজসূয়,
নামৰ সমান সিটো কোটিভাগো নূয়।
মোৰ নাম লৱে যেবে বাঢ়য় অগনি,
শুখান পাতক বন লাগৈ তাতে ছানি।
হওঁ অনুকূলে মই প্ৰচণ্ড বতাস,
তিলেকো লাগে দহি কৰো সৰ্ব্বনাশ।
হেনজানি আন ধৰ্ম্ম এৰি লোৱা নাম,
পাতক দহিবে যত পূৰ্ণ হৈব কাম।
কৃষ্ণৰ কিঙ্কৰে জানি ৰচিলা শঙ্কৰে,
নামক কৰিয়া সাৰ ডাকি বোলা নৰে।
৩১। মূল ঘোষাঃ-
গোপাল গোবিন্দ হেৰা প্ৰাণৰ যদুবাই,
নজানো কোনদিনা প্ৰাণ বায়ু যায়।
তোমাৰ মায়ায়ে মন বান্ধিছে দুনাই,
হে প্ৰভু কোন দিনা নিবা মোকলাই।
পদঃ-
মায়াতেসে দেখয় বিবিধ পৰিচ্ছে,
স্বৰূপতে তোমাৰ নাহিকে কিছুভেদ।
চৈতন্য স্বৰূপে ব্যাপি এক নিৰঞ্জন,
তোমাকে বুলিবে দৈত্য কোন অজ্ঞজন॥
নিশ্চল নিৰ্ম্মল সুখৰূপ যিটো স্বামী,
দেবে যাক নজান কেনে জানো আমি।
মায়াৰ শৰ্য্যাত শূতি আছে সৰ্ব্বজন,
কেনে নকৰাহা হৰি চৰিত্ৰ কীৰ্ত্তন॥
বোলে মোৰ পুত্ৰ ভাৰ্য্যা মুকুতিৰ দ্বাৰ,
শ’ গোটা শ’ লৈয়া হোৱে সিন্ধুপাৰ।
(৫৭)