পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

বিনাশৈ সংসাৰ  ভয় ভকতৰ
 পুৰৈ মনোৰথ যত।
হেন হস্তপদ  আনি প্ৰাণনাথ
 দিয়োক আসি শিৰত॥
হে ব্ৰজ ধন  দুখহাৰী হৰি
 আমি কিঙ্কৰিত ভজ।
যেহেন হাসিত  কটাক্ষে সহিত
 দেখায়ো মুখ পঙ্কজ॥
সমস্ত প্ৰাণীৰ  পাপ হৰে যিটো
 আছিলা কালীৰ ফনে।
কামক মৰ্দ্দিয়া  হেন পাদ পদ্ম
 অৰ্পিলে আমাৰ তনে॥
পঙ্কজ লোচন  নেদেখি তোমাৰ
 মৰো হেৰা সৱে দাসী।
মধুৰ বচনে  অধৰ অমৃতে
 আমাক জীয়ায়ো আসি॥

ভাঙনি ঘোষা:-
নামে তপ নামে জপ, নামে যোগধ্যান।
নামৰ অধীন যত আছে কৰ্ম্ম জ্ঞান॥

পদ:-
সংসাৰত নাহি মোৰ নামক উপাম,
সমস্ত ধৰ্ম্মৰে ৰাজা জানা হৰি নাম।
মহাযাগ যোগ আদি নুহিকে সমান,
তাহাৰ অধিক এক নামেসে প্ৰধান।
যিটো জপ যজ্ঞ সৰ্ব্ব-ধৰ্ম্মত উত্তম,
লক্ষ ভাগো নুহি জানা নাম মোৰ সম।

(৫৬)