এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ
সিটো পাপীসৱ দৈৱে ভৈলা হত অ’
আপোন চিন্তিবে মাৰ।
উপজি মৰিবে যাতনা ভূঞ্জিবে
তাহাৰ নাহি নিস্তাৰ॥
শুক নিগদতি শুনা কুৰুপতি অ’
কহিলো পৰম সাৰ।
কৃষ্ণ নাম বিনা ইটো সংসাৰত
কাহাৰো নাহি নিস্তাৰ॥
মহাযোগী জনো যদি ব্ৰহ্ম চিন্তে অ’
হৰিৰ নাম নলৱৈ।
সিয়ো ভ্ৰষ্ট হুয়া সংসাৰত পৰৈ
চাৰি বেদে হেন কৱৈ॥
হৰি হেন ইটো দুগুটি অক্ষৰ অ’
জিভা অগ্ৰে থাকৈ যাৰ।
গংগা গয়া কাশী প্ৰয়াগ সেতুক
যাইবাক নলাগৈ তাৰ॥
ভাঙনি ঘোষাঃ-
কৃষ্ণে বোলে কৃষ্ণ নাম
সমতুল্য নাই।
এক শৰণ হুয়া যিটো
কৃষ্ণ নাম গায়।
পদঃ-
গোবিন্দে বোলন্ত সখা শুনা স্বৰূপত।
নজানোহো ইটো কৃষ্ণ নামৰ মহত॥
হওঁ যদি এনে কোটি কোটি অৱতাৰ।
তথাপি নাপাওঁ কৃষ্ণ নাম মহিমাৰ॥
ইটো কৃষ্ণ নামৰ মহিমা আছে যত।
সবে কহিবাক সখি নুহিকে শকত॥
(৫২)