এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ
সুমৰন্তে নাম সিজে ধৰ্ম্ম নিৰন্তৰ।
কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত,
বোলা হৰি হৰি জুই লাগোক পাপত।
.............................
২৮। মূলঘোষাঃ-
কৃষ্ণে অন্ত নপাইলে কৃষ্ণ নামৰ মহিমা অ’
অৰ্জ্জুনৰ প্ৰশ্ন বাণে।
প্ৰিয় সখাক কলে তেওঁৰ নামৰ মহিমা
ভকতেহে মাত্ৰ জানে॥
পদঃ—-
নামৰ মহিমা কহন্তে কেশৱে অ'
আপুনো বিস্ময় ভৈলা।
শৰীৰো ৰোমাঞ্চ বচন নোলাই
নিচুকী তম্ভিয়া ৰৈলা॥
দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ অ’
গন্ধৰ্ব চাৰণ গণে।
হৰি নামৰ গোপ্য মহিমাক
তেসম্বো কেহে নজানে॥
কৃষ্ণৰ চৰণ চিন্তিয়া থাকয় অ’
কৰিয়ো কীৰ্ত্তন কৰ্ম্ম।
মনুষ্য লোকত এহিমানে মাত্ৰ
পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম॥
যাহাৰ জিহ্বায়ে নোবোলৈ কৃষ্ণৰ অ’
গুণ নাম সৰ্ব্বক্ষণ।
যিজনৰ মনে হৃদয় পদ্মত
নিচিন্তে কৃষ্ণৰ চৰণ॥
(৫১)