পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এটি অভিমত

 

 শ্ৰীমতী মনোমতী বড়া এটি নামঃ নামৰ জগত খনত অতি চিনাকী এই নাম। আমি আমাৰ দেশত মহাপুৰুষ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ সেৱকসকলে নাম গাও। এই নাম ভগবন্ত কৃষ্ণদেৱৰ নাম। বৈষ্ণৱ আদৰ্শৰ মহাভক্ত সকলে প্ৰসঙ্গ কৰে। পাঠ কৰে। প্ৰসঙ্গীয়া নাম বিধি ব্যবস্থাৰে অত্যন্ত সাত্বিকতাৰে পৰিবেশন কৰা হয়। এইয়া প্ৰকৃততে এক অধ্যাত্ম বিদ্যা। ‘অধ্যাত্ম বিদ্যা দিহা নাম’। এই বিদ্যা সমস্ত বিদ্যাৰ ওপৰত। একে প্ৰকাৰে দিহানাম সমূহো পৰিবেশন কৰা হয়। দিনামক আমি লোকসঙ্গীতৰ এটি ধাৰাৰূপে গ্ৰহণ কৰিব পাৰো। কাৰণ এই দিহানাম সমূহে অসমৰ জন-জীৱনৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাবলৈ সমৰ্থ হৈছে। মহাপুৰুষৰ যিকোনো অনুষ্ঠানতে এটি দিহানামৰ প্ৰসঙ্গ অতি তাৎপৰ্যপূৰ্ণ। গাওতা, শুনোতা সকলোৰে চিত্তাকৰ্ষক এনে দিহানাম সমূহ বৈষ্ণৱসকলৰ প্ৰাণৰো প্ৰাণৰ মনৰো মনৰ।

 শ্ৰীমতী মনোমতী বড়া নিজে এগৰাকী দিহা নামৰ ওজাৰূপে সমাজ জীৱনত স্বীকৃত। দিহানামৰ আচাৰ্য স্বৰূপে তেওঁ এখন সুন্দৰ আসনৰ গৰাকী। আশীৰ দেওনাত ভৰি দিয়া এই দিহানামৰ আচাৰ্য গৰাকীয়ে আজিও এই ধাৰাটোৰ প্ৰতি পূৰ্ণ ৰূপত আকৃষ্ট। তেওঁ দিহানাম সৃষ্টি কৰে,সংগ্ৰহ কৰে,সমাজত এই নাম গোৱা আৰু গোৱোৱাৰ ওজস্বীতা দেখিলে বিস্মৃত মানবি লাগে।

 “ৰাম নিৰঞ্জন ভক্তি প্ৰৱাহ” শ্ৰীমতী মনোমতী বড়াৰ দিহানামৰ পুথি। এই দিহানাম সমূহ প্ৰকাশৰ যোগ্যৰূপে প্ৰস্তুত কৰি দিয়া পাণ্ডুলিপি তিনিওটা আমি চকু ফুৰাই চাইছো। ঘোষা ৰূপে থকা নাম সমূহৰ বিষয়বস্তুৰ গভীৰতা আৰু পদসমূহৰ বাচনি উৎকৃষ্ট হৈছে।

 প্ৰকাশিতব্য এই পুথিভাগে নিতান্তভাৱে অসমৰ দিহানামৰ প্ৰতি আগ্ৰহী শ্ৰেণীটোক উপকৃত কৰিব। আমি, এই পুথি আদৰি লৈ দিহা নামৰ অসমীয়া ধৰ্ম্মীয় লোক সাহত্যিৰ ধাৰাটোক চহকী কৰিবৰ বাবে সকলোৰে প্ৰতি আহ্বান জনালো। লেখিকাৰ সৰ্বতোপ্ৰকাৰ কল্যান কামনা কৰিলো।

সেৱাৰে—
(শ্ৰীৰজনী কান্ত দত্ত)
পদাধিকাৰ
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ