সাধু সেহিজন অৰ্জ্জুনৰ আগে
বুলিলে কৃষ্ণে বচন।
যাৰ আছে বুদ্ধি ধৰিয়ো ঔষধি
সংসাৰ ব্যাধিৰ নাম,
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
ডাকি বোলা ৰাম ৰাম।
.................
২৭। মূল ঘোষাঃ-
শঙ্খ চক্ৰ গদা পদ্ম মাথে মৈৰা পাখি।
কুৰুক্ষেত্ৰ মহাৰণে অৰ্জ্জুনৰ সখি॥
বান্ধৱ বুলিয়া মই, তোমাক দিলো শাক।
মোত বিনে নভজিবা আন দেৱতাক॥
পদঃ-
এক চিত্তেতুমি মাত্ৰ মোকে কৰা সেৱ,
পৰিহৰা দূৰতে যতেক আন দেৱ।
নলঙ্ঘিয়া মোহোৰ বাক্যক মহা ভাগ,
দেৱক তীৰ্থক মানে কৰা পৰিত্যাগ॥
নাম নুশুনিবা তুমি অন্য দেৱতাৰ,
মোহোৰ ভকতি যেবে নহয় ব্যভিচাৰ।
পাষানৰ ৰেখা মোৰ বচন নিশ্চয়,
হেন জানি ভকতিক ধৰা ধনঞ্জয়॥
সমস্ত ধৰ্ম্মকে বিদুৰৰে পৰিহৰি,
ভাৱিয়ো মোহোৰ নাম মহাযত্ন কৰি।
মোৰ বাক্য সুদৃঢ় বিশ্বাসে সখি স্মৰি,
আন দেৱ ধৰ্ম্ম মানে কাহাৰো নাদৰি।
পৰম সুদৃঢ় নাওঁ নামেসে আমাৰ,
সংসাৰ সাগৰে মই সুজান কাণ্ডাৰ।
(৪৯)