এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ
অনেক অসুৰ পিশাচ পশুৰ
ভকতি সাধিতে গতি,
কিনো অন্ধলোক যাতনাত মৰে
মাধৱত নেদে মতি।
গকুলৰ গৰু যত তৃণ তৰু
সবে পৰমপদ পাইল,
মিছাতেসে মজে কৃষ্ণক নভজে
দিনতে দুচক্ষু খাইল।
খৰ চাপৰিঃ
অ' হৰি অ’ ৰাম নাৰায়ণ....
ৰাম হৰি অ’ অ’ .....ৰাম নাৰায়ণ.......
পদঃ-
বাল্মীকি দুৰ্ঘোৰ আছিলন্ত চোৰ
ৰাম বুলি ভৈলা ঋষি,
পাপী অজামিল বৈকুণ্ঠ চলিল
নাৰায়ণ নাম ঘুষি।
দাসীৰ কুমাৰ ভৈলা অৱতাৰ
নাৰদ নামৰ বলে,
হেনয় নামক সততে নলৱে
কোননো বিধাতাৰ চলে।
নাহি তপ জপ কলিৰ যুগত
নামেসে পৰম ধৰ্ম্ম,
ইটো নাম এৰি আনমত ধৰি
শাস্ত্ৰৰো নুবুজে মৰ্ম্ম।
আন দেৱ তেজি মোকে মাত্ৰ ভজি
ভৈলেক এক শৰণ,
(৪৮)