সমললৈ যাওক

পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

ভকত পালক প্ৰভু নৰসিংহ তুমি।
ত্ৰৈলোক্যক অক্ৰমিলা তুমিসে বামন,
প্ৰণামো পৰশুৰামে ক্ষত্ৰিয় উচ্চন।
ধ্যানত নাপাৱে যাক সিদ্ধ মুণিগণ,
কিনো মোৰ ভাগ্য হেন দেখিলো চৰণ।
বিবিধ কল্পনা মায়াই নোচোৱে যাহাক,
পৰম ঈশ্বৰ কৰো প্ৰণাম তোমাক।
সংসাৰ সাগৰ পাৰ কৰেযোৰ নামে,
হেন ঈশ্বৰক হেলাকৰা কোন কামে।
আল জাল এৰি তৰিবাৰ কৰা কাম,
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।

২৬। মূল ঘোষা:-
বেদে কলে ধৰ্ম্ম শ্ৰেষ্ঠ।
গীতাই দিলে শৰণ মন্ত্ৰ।
উপনিষদে দিলে জ্ঞান তত্ব,
ভাগৱতে সৎ সঙ্গ ভক্তি ৰত্ন।
অ’ গুৰু কীৰ্ত্তনে সামৰি থৈলা নাম তত্ব।৷

পদ:-
শুনা সভাসদ  ভাগৱত পদ
 আত নকৰিবা শংকা
নামত ভকতি কৰি একমতি
 বানৰে মাৰিলে লংকা।
অনেক ভালুক  ৰাক্ষক বানৰ
 লগতে পাইলা মুকুতি,
ভকতি কৰিলে  নপাইবে মনুষ্যে
 মুকুতি কোন যুগুতি।

(৪৭)