পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

২য় আৰু পৰিবৰ্দ্ধিত সংস্কৰণৰ
আগকথা।

 ২০১০ চনৰ জানুৱাৰী মাহত প্ৰকাশ পোৱা “দিহা নামৰ সম্ভাৰ” নামৰ পুস্তকভাগি ছপাৰ ক্ষেত্ৰত ৰৈ যোৱা বিসংগতিৰ বাবে সীমিত সংখ্যক মুদ্ৰণতে আবদ্ধ ৰাখিব লগা হয়। প্ৰথম সংস্কৰণতৰৈ যোৱা ভুল-ত্ৰুটি সমূহ শুদ্ধৰাই বৰ্দ্ধিত কলেৱৰৰে ২য় সংস্কৰণটি উলিয়াবলৈ প্ৰয়াস কৰা হয়।

 প্ৰকৃতপক্ষে বাহ্যিকৰ পৰা অভ্যন্তৰলৈ অথাৎ অধিভূতৰ পৰা আধ্যাত্মিকলৈ ইন্দ্ৰিয় গ্ৰাহ্য ৰসৰ নদীৰ সোঁত বোৱাই নিবলৈকে ঋষি ব্যাসৰ একেশ্বৰ বাদৰ ভকতিৰ মাধ্যমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাৰ অভিনৱ সংযোজন। গুৰুজনাৰ মৌলিক সৃষ্টি এই নব্য ধাৰাটোৰ ওপৰত ভিত্তি কৰিয়েই কিতাপভাগিত কিছু নিয়মাৱলী সংযোজন কৰাৰ প্ৰয়াস কৰা হৈছে। সুধি সমাজে বিবেচনা কৰিব বুলি আশা কৰা হ'ল।

 “ৰাম নিৰঞ্জন ভক্তি প্ৰবাহ” নামাকৰণেৰে ২য় আৰু পৰিবৰ্দ্ধিত সংস্কৰণটিটো প্ৰতিভাগ ঘোষাতে প্ৰত্যক্ষ বা পৰোক্ষ দিহা সন্নিবিষ্ট কৰাৰ চেষ্টা কৰা হৈছে। পৰিবেশৰ উপস্থাপনৰ ওপৰতেই দিহানামৰ ৰস প্ৰবাসৰ গতিটো নিশ্চিতভাৱে নিৰ্ভৰ কৰে। আমাৰ অজানিতে ৰৈ যোৱা দোষত্ৰুটিসমূহ আঙুলিয়াই দি সুধী সমাজে কিতাপভাগি গ্ৰহণ কৰিলেই আমাৰ বাবে আৰ্শীবাদস্বৰূপ হব।

 ২য় আৰু পৰিবৰ্দ্ধিত এই সংস্কৰণটি প্ৰকাশৰ সমস্ত দায়িত্ব মোৰ দুয়ো গৰাকী জী ক্ৰমে টীয়ক দ-গুৱাল গাঁৱৰ শ্ৰীমতী দীপালী বড়া (ভূঞা) আৰু ডিমৌ ৰাইচাই গাওঁ নিবাসী শ্ৰীমতী পুতলী বড়াই গ্ৰহণ কৰাত স্নেহাৰ্শীক যাচিলো। বেটুপাত ভাগিত হাতফুৰাই দিয়া বাবে নাতি লৰা ডাঃবিজিত বড়ালৈ হিয়া ভৰা ওলগ যাচিলো। ডিমৌ নগৰৰ আশে পাশে থকা সুহৃদ ভকত বৈষ্ণৱসকলে নিৰন্তৰ উৎসাহ যোগাই অহাত তেখেতসকললৈ মোৰ কৃতজ্ঞতা ৰাখিলো।

 পূৰ্বৰদৰে এই সংস্কৰণটিটো পাণ্ডুলিপিত হাত ফুৰাই এটি মূল্যবান টোকা আগবঢ়াই জেষ্ঠ ভাতৃ, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বৰ্ত্তমানৰ পদাধিকাৰ শ্ৰীযুত ৰজনীকান্ত দত্তই আমাৰ প্ৰতি দেখুওৱা সহানুভূতিক সদায়েই আৰ্শীবাদৰূপে গ্ৰহণ কৰি যাম।

 পৰিশেষত নামৰূপ অসমী প্ৰিন্টিং প্ৰেছৰ স্বত্বাধিকাৰৰ প্ৰমুখ্যে কৰ্ম্মী বৃন্দৰ নেৰা- নেপেৰা প্ৰচেষ্টাত পুথিভাগি যথাসময়ত ছপা হৈ ওলোৱাত সকলোটিলৈকে আমাৰ কৃতজ্ঞতা ৰাখিলো।

সেৱাৰে-
শ্ৰীমতী মনোমতী বড়া
(ডিমৌ)
(৯৪৩৫৫৩১৭৫৭)