পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

দুতক পাঞ্চিয়া ৰজা ধৰায়া আনিলা।
বেদ পন্থ নষ্ট কৰা বুলিয়া সুধিলা॥
ইষট হাঁসিয়া পাছে শ্ৰীমন্ত শঙ্কৰে।
উত্তৰ প্ৰদান কৈলা শাস্ত্ৰ প্ৰমানেৰে॥
বৃক্ষৰ মূলত যদি দিয়া হয় জল।
হোৱয় তৃপিতি তাৰ যত পত্ৰ ফল॥
মূল এৰি যদি জল সিঞ্চে প্ৰত্যেকত।
কদাপি নোহয় তৃপ্তি একো পুষ্প পত্ৰ॥
আৰু যেবে প্ৰাণৰ ভোজনে আতিশয়।
নিৰন্তৰে ইন্দ্ৰিয়ৰ তৃপিতি নিলয়॥
নকৰে ভোজন যেবে ক্ষুধাতুৰ নৰে।
বস্ত্ৰ অলঙ্কাৰ ফুল চন্দন পিন্ধাৱে॥
কদাপি নোহয় তৃপ্তি একো ইন্দ্ৰিয়ৰ॥
প্ৰাণ তুষ্ট ভৈলে তুষ্ট হোৱে চৰাচৰ॥
সেহিমতে জগতৰে প্ৰভূ নাৰায়ণ।
মূলক পুজিলে তুষ্ট হোৱে সৰ্ব্বজন॥
পূৰ্ব্ব দিশে নিজ অংশে হৰি অৱতাৰ।
নিজ যশ ধৰ্ম্মৰীতি কৰিব প্ৰচাৰ॥
নামত শঙ্কৰ শূদ্ৰ কুলে হৈব জাত।
ব্ৰহ্মা আদি কৰি সবে জন্মিব তথাত॥
নিজ যশ ধৰ্ম্মৰীতি প্ৰচাৰ কৰিব।
জ্ঞান দানে সমস্তৰে মনক পূৰাইব॥
সাৰ্ব্বভৌম ভট্টাচাৰ্য জ্যোতিষত সাৰ।
হেন শঙ্কৰক কৰো কোটি নমস্কাৰ॥
পদ্ম পুৰাণৰ পদ বিৰচিলো জানি।
বিষয়ক তৰা শঙ্কৰক গুৰু মানি॥

(৩৯)