পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

তাহাৰেসে সমস্ত পাতেক নামে হৰে॥
বিজুলি চমক যেন জীৱন অথিৰ।
কৈত কেতিক্ষণে পৰে ইহেন শৰীৰ॥
প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত।
কৃষ্ণ গুণ নাম ইসে পৰলোক বিত্ত॥
এক নামে যত পাপ সংহৰিতে পাৰে।
ততেক পাতকী পাপ কৰিতে নপাৰে॥
নামৰ মহিমা ইটো কমনে কহিবা।
ব্ৰহ্মা হৰ অনন্তে নপান্ত যাৰ সীমা॥
ৰাম কৃষ্ণ নাম যাৰ মুখত থাকয়।
তাহৰেসে জানিবা মিলিল মহোদয়॥
ৰাম কৃষ্ণ কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ।
সিও ভৈলা হৰিৰ হৰিও ভৈলা তাৰ॥
হেন জানি নিৰন্তৰে এৰি আন কাম।
কৈতৱ এৰিয়া এক চিত্তে লোৱা নাম॥

..............

২১। ঘোষা:-
প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন।
সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ॥
বৈকুণ্ঠত থাকা তুমি বিষ্ণুৰূপ ধৰি।
কুসুম্বৰ গৃহে জন্ম লৈলা সেহি হৰি॥

পদ:-
শঙ্কৰ স্বৰূপে আহি ভৈলা অৱতাৰ।
ৰাম নাম মহামন্ত্ৰ কৰিলা প্ৰচাৰ॥
তোমাৰ সহিতে বহু কৰি অৰ্থবাদ।
সংশয় গুছিল আৰু মিলিল আহ্লাদ॥
কতো জনে ৰাজাত দিলে গৈয়া জান।
নষ্ট কৰে বেদ পন্থ শীঘ্ৰ কৰি আন॥

(৩৮)