পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

যত লাগে তত পাই নাহি পাৰা-পাৰ॥
হৰি নামৰ ৰস মিলে মহন্তৰ সঙ্গে।
অঞ্জলি ভৰিয়া পান কৰা সৰ্ব্বজনে॥
জগতৰে গুৰু শঙ্কৰ নামৰে সাগৰ।
যিটো নাম লৈলে কভো নালাগে ভাগৰ॥
মানৱৰূপী শঙ্কৰগুৰু কিনো তোমাৰ লীলা।
গাৰো-নগা যৱনকো নামেৰে মুহিলা॥
গৈ পাবা সত্ৰ সমাজ ৰৈ পাবা নাম।
পূৰ্ণ কৃষ্ণক চিন্তি তযু গুণ গান॥
সকল প্ৰাণীয়ে পায় বিষয়ৰ সুখ।
কৃষ্ণৰ বাসুদেৱ পদ পঙ্কজত।
যিটোজনে ভকতিক কৰয় সতত॥
যৈত হৰি ভক্তজন সাধু সদাচাৰ।
হৰি ভক্তি কৰন্তে নিৰ্ম্মল চিত্ৰ তাৰ॥
হৰি তুষ্ট ভৈলে তুষ্ট দেৱতাসকল।
মাধৱৰ পূজা যেন বৃক্ষ মূচল জল॥
কৃষ্ণৰ প্ৰসাদে মিলে ভকতি মুকুতি।
বোলা ৰাম ৰাম পাপ মাউক অধোগতি॥

......................

২০। ঘোষা:-
ভকত বৎসল কৃপাময় মহা হৰি।
ভকতক ৰক্ষা সদা কৰয় মূৰাৰি॥
ভকতক কৃপায়ে কলিত দেৱহৰি।
আসিল শঙ্কৰ ৰূপে নৰতনু ধৰি॥

পদ:-
জগতৰ গুৰু শঙ্কৰ কৰো নমস্কাৰ।
ভকতৰ বন্ধু মাধৱ কৰো নমস্কাৰ॥
শান্তি স্থাপন হেতু ভৈলা অৱতাৰ।
ৰাম নাম মহামন্ত্ৰ কৰিলা প্ৰচাৰ॥

(৩৬)