পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

জীৱাক তাৰিবে লাগি ভৈলা অৱতাৰ॥
কহয় পুৰোষোত্তম দাসৰো দাস।
তাহাৰ চৰণে কৰে শত নমস্কাৰ॥

.....................

১৯। ঘোষা:-
চাৰি বেদ চৈধ্য শাস্ত্ৰ ওঠৰ পুৰাণ।
শঙ্কৰদেৱে পাতি থৈছে নামৰ দোকান॥
চাৰি বস্তু যোগে লোৱা নামত শৰণ।
তেবে পৰিপূৰ্ণ হৈব মানৱী জনম॥

পদ:-
কলি যুগে পাপী-তাপী কিসে হৈব পাৰ।
অংশ ৰূপে হৰি ভৈলা মানৱী সাকাৰ॥
শঙ্কৰ স্বৰূপে আসি পাতিলা বাহাৰ।
বেদ মাৰ্গ এৰি ভক্তি কৰিলা প্ৰচাৰ॥
জন্ম লৈয়া গুৰুজনে পাতিলন্ত থান।
চাৰিফালে চাৰি হাটী মহা ভক্তগণ॥
আদ্যস্থলী বৰদোৱাত থান পাতিলা।
বৰপেটা নামে স্থানে নাম বস্তু থৈলা।
সত্ৰ সভা স্থাপন কৰিল স্থান স্থান।
বিলাই দিলে নামধৰ্ম্ম অমূল্য ৰতন॥
নামৰ দোকান দিলা, গুৰু নামৰ দোকান দিলা।
কলিৰ ভকতে পাই হৰিষিত ভৈলা॥
হৰি নামৰ প্ৰেমৰ ৰস অমৃতৰ সম।
যাক পায়া গুপ্ত কৰি থৈলা দেৱগণ॥
শ্ৰীমন্ত শঙ্কৰে পাই সবাকো বিলালে।
প্ৰাণ পাইয়া তৃপ্ত ভৈলা বৈষ্ণৱসকলে॥
নাম-ৰস ভক্তি ৰস বহে ধাৰা ধাৰ।

(৩৫)