পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


১৮। ঘোষা:-
গুৰু ৰূপে অৱতাৰ শ্ৰীমন্ত শঙ্কৰ।
বৰদোৱা ধামে তযু পিতা কুসুম্বৰ॥
মাতৃ নামে সত্য-সন্ধ্যা পূজনীয় যাৰ।
খেৰসুঁতিৰ পালনতে সৰ্ব্ব-গুণাকাৰ॥

পদ:-
আই-মাতৃ সত্যসন্ধ্যা পিতা কুসুম্বৰ।
তান পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ॥
এক দিনা দৈৱ যোগে সত্য–সন্ধ্যা মাতৃ।
অদভূত এক স্বপ্ন দেখে শেষ ৰাত্ৰি॥
শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি।
গৰুড়ৰ স্কন্ধে চাৰি আসিয়া মূৰাৰী॥
মোক মাৱ দিয়া স্থান বুলিলা বচন।
গৰুড় স্কন্ধৰ পৰা নামি নাৰায়ন।
অভ্যন্তৰে পশি হৰি অন্ত ধ্যান ভৈলা।
কৈক গৈলা হৰি মাতৃ দুনাই নেদেখিলা॥
নিদ্ৰাভঙ্গ হৈয়া মাৱ শয্যাত বসিয়া।
কি স্বপ্ন দেখিলো বুলি আচন্ত ভাবিয়া।
কিনো অদভূত মই দেখিলো সপোন।
সাক্ষাতে দেখিলো চতুৰ্ভূজ নাৰায়ন॥
আনন্দে লোতক বহে তনু ৰোমাঞ্চিত।
দেখিয়ো ৰজনী শেষ আদিত্য উদিত॥
শয্যা তেজিসত্য সন্ধ্যা মাৱ উঠি গৈলা।
স্বপ্নৰ বৃত্তান্ত সবে স্বামীত বৰ্ণাইলা॥
স্বপ্নৰ বৃত্তান্ত শুনি কুসুম্বৰ ভূঁঞা।
ইষ্টদেৱ সুঁৱৰিলা আনন্দিত হুয়া॥
ইটো মহা শুভ স্বপ্ন জানিলা নিশ্চয়।
এহিবুলি গুণিলন্ত গুৰু কৃপাময়॥
অদ্ভুত অদ্ভুত প্ৰভু-মধ্যে নিৰাকাৰ।

(৩৪)