এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
কৃষ্ণৰ নামক পাষণ্ড সকলে
ফুৰিবে কৰি ধিক্কাৰ।
মহা পাপী দুষ্ট দুৰ্জন সকলে
ভূঞ্জিবে বহু নিকাৰ॥
একান্ত শৰণে যিটো শুনে ভনে
কৃষ্ণৰ জন্মৰ কথা।
জগত দুৰ্লভ যদি হোৱে পাৰ
সুলভ হুয়ো সৰ্ব্বথা॥
সংসাৰ মধ্যত আনো আছে সত
মহা মহা পাপী জন।
ইহাৰ শ্ৰৱন কীৰ্ত্তন শুনিয়া
সমস্তে পাপ মোচন॥
শ্ৰীমন্ত শঙ্কৰ সৰ্ব্ব গুনাকৰ
সাক্ষাতে কৃষ্ণৰ অংশ।
দৈৱকী তনয় যিটো কৃপাময়
উদ্ধাৰিলা যদু বংশ॥
পৰম গম্ভীৰ মহাযশী ধীৰ
নামত শঙ্কৰ দেৱ।
কৰুণা সদন পাষণ্ড মৰ্দ্দন
যাৰ সম নাহি কেৱ॥
বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱনেসে
তাহাৰ ফল উদয়।
সাধুৰ চৰিত্ৰ পৰম পবিত্ৰ
তাক যিটো নুশুনয়।
ৰাতুল চৰণ কোলাত থৱন্ত
মহাপ্ৰেমে যদুৰায়।
কৃষ্ণৰ পৰম ভক্ত নিৰুপদ্ম
সাধুজন সবে কয়॥
........................
(৩৩)