এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
হাস্য বদনে যাৰ মধুৰ বচন।
পাপ নাশ হয় যাক কৰিলে স্মৰণ॥
সাধু সঙ্গে ৰাম নাম লোৱা সবে বেঢ়ি।
আপুনি পলাইবে কলি ভকতক এৰি॥
দান্তে তৃণ ধৰো এৰিয়োক আন কাম।
গোপাল চৰণে ভনে বোলা ৰাম ৰাম॥
.....................
১৭। ঘোষাঃ-
চিৰ যুগমীয়া মহান অসমীয়া
জগতৰে গুৰু শঙ্কৰ।
দৈৱকীৰ পুত্ৰ কুসুম্বৰ গৃহে
অৱতাৰ সৰ্ব্বগুণাকৰ॥
পদঃ-
শুনা সভাসদ ভাগৱত পদ
ভক্তিৰ কেনে উত্তৰ।
হৈয়া শুদ্ধমতি একান্ত ভকতি
ভজিয়োক দামোদৰ॥
কলিৰ ভয়ত পলাই ধৰ্ম্মমত
নামত লৈয়ো শৰণ।
সমস্ত ধৰ্ম্মক সিটো পাইৱে লাগ
কৰে যি হৰি কীৰ্ত্তন।
স্বভাৱে জানিবা সমস্ত ধৰ্ম্মৰ
মোহোৰ নামেসে ৰাজা।
আন ধৰ্ম্ম যত নামৰ কিঙ্কৰ
কহিলো শাস্ত্ৰৰ মজ্জা॥
কলিত নামেসে কলিত নামেসে
নামেসে গতি লোকৰ।
কৃষ্ণৰ নামেসে জানিবা নিশ্চয়
স্বধৰ্ম্ম কলি যুগৰ॥
(৩২)