পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

এহি বুলি গুণিলন্ত গুৰু কৃপাময়॥
নৰ ৰূপে বৰদোৱাতে জন্ম নাৰায়ন।
গহীন গম্ভীৰ যাৰ দেহৰ গঠন॥
হাস্য বদনে যাৰ মধুৰবচন।
পাপ নাশ হয় যাক কৰিলে স্মৰণ॥

ভাঙনি:-
সত্য যোগে নাৰায়ন ত্ৰেতাই ৰধুবৰ।
দ্বাপৰত শ্ৰীকৃষ্ণ কলিত শঙ্কৰ॥

পদ:-
অনন্ত অচ্যুত প্ৰভূ মধ্যে নিৰাকাৰ।
জীৱক তৰিবে লাগি ভৈলা অৱতাৰ॥
ব্ৰহ্ম শাস্ত্ৰ গীতা দিলা জলৰ মধ্যত।
ব্ৰহ্মপুত্ৰই শৰণ-লৈলেক শঙ্কৰত॥
হেন ব্ৰহ্ম পুত্ৰৰ পাৰে শঙ্কৰ ৰৈলন্ত।
পৃথিৱীত আসি বৈকুণ্ঠক নিৰ্মিলন্ত॥
যৈত আহি গুৰুজনে ভৈলা অৱতাৰ।
অন্য ভূমি কোনসম হৈব বৰদোৱাৰ॥
সত্ৰ থান চক্ৰ আদি যত থান চয়।
চাৰি ৰূপে চাৰি বস্তু আসিয়া আছয়॥
কদম্ব, শিলি, বেল আৰু বৃক্ষ আম।
চাৰি বৃক্ষ আসি চাৰি দিশে ভৈলা ধাম॥
ধ্বজ আদি পদশিলা মধ্যে নামঘৰ।
মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ॥
জগতৰ লোকে যাৰ সেৱয় চৰণ।
কলিৰ ভকতে যাৰ কৰয় বন্দন॥
সেহিসে পৰম গুৰু শ্ৰীমন্ত শঙ্কৰ।
আন কোন সম হৈব দয়াৰ সাগৰ॥
নৰৰূপে বৰদোৱাত জন্ম নাৰায়ন।
গহীন গম্ভীৰ যাৰ দেহৰ গঠন॥

(৩১)