পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


হেন জানি যত সামাজিক লোক
 তেজিয়া যত চাতুৰি।
কৃষ্ণৰ চৰণ  সেৱা ব্ৰত ধৰি
 ভাবি বোলা হৰি হৰি॥

.....................

১৬। ঘোষা:-
বিষ্ণুৰ অংশে অৱতাৰ শ্ৰীমন্ত শঙ্কৰ।
মানৱী ৰূপত তুমি গুৰু মাধৱৰ॥
ভকতিৰ পথে হৰি সেৱা মনোহৰ।
সিজৈ পুৰুষাৰ্থ অপ্ৰয়াসে মনুষ্যৰ॥

পদ:-
এক দিনা দৈৱ যোগে সত্য সন্ধ্যা মাতৃ।
অদভূত এক স্বপ্ন দেখে শেষ ৰাত্ৰি।
শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি।
গৰুড়ৰ স্কন্ধে চৰি আসিয়া মুৰাৰী॥
মোক মাৱ দিয়া স্থান বুলিলা বচন।
গৰুড়ৰ পৰা নামি আসি নাৰায়ণ॥
অভ্যন্তৰে পশি হৰি অন্তৰ্ধান ভৈলা।
কৈত গৈলা হৰি মাতৃ দুনাই নেদেখিলা॥
নিদ্ৰা ভঙ্গ হৈয়া মাৱ শৰ্য্যাত বসিয়া।
কি স্বপ্ন দেখিলা বুলি আছন্ত ভাবিয়া॥
কিনো অদভূত মই দেখিলো সপোন।
সাক্ষাতে দেখিলো চতুৰ্ভূজ নাৰায়ন॥
আনন্দে লোতক বহে তনু ৰোমাঞ্চিত।
দেখয় ৰজনি শেষ আদিত্য উদিত॥
শয্যা তেজি সত্য সন্ধ্যা মাৱ উঠি গৈলা।
স্বপ্নৰ বৃতান্ত সৱে স্বামীত বৰ্ণাইলা॥
স্বপ্নৰ বৃতান্ত শুনি কুসুম্বৰ ভূঞা।
ইষ্টদেৱ সুঁৱৰিলা আনন্দিত হুয়া॥
ইটো মহা শুভ স্বপ্ন জানিলা নিশ্চয়।

(৩০)