পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৩৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ


সাধু সঙ্গ কৰি  মমতাক এৰি
 বৈৰাগ্য কুঠাৰে ছেদ।
দেৱাসুৰ নৰে  তোমাক আৰাধি
 পাইলেক পৰম সিদ্ধি।
জানিয়া তোমাক নুপুজিবে কোনো
 তুমি ভকতৰ নিধি॥
তুতি কৰিবাক  নোৱাৰে তোমাক
 ব্ৰহ্মা আদি দেৱজাক।
মনুষ্য বুদ্ধিৰে  কেন মতে মই
 কৰিবো স্তুতি তোমাক॥
যিটো মূঢ়ভাৱে কৰিলোহো স্তুতি
 তাক ক্ষমিয়োক মোক।
যদি অপৰাধ  কৰো তথাপিতো
 ক্ষমা কৰা সাধুলোক॥
হেন জানি প্ৰভূ  হুয়োক প্ৰসন্ন
 তোমাৰ সেৱক আমি।
ভক্তিভাৱে যিটো  কৰিলোঁহো তুতি
 সঙ্গ হৌক সবে স্বামী॥
হেন জানি যত  দূৰতে তেজিয়া
 ভকতিক কৰা সাৰ।
শ্ৰৱণ-কীৰ্ত্তনে  সংসাৰক তৰে
 মহাসুখে পাই পাৰ॥
কৃষ্ণৰ সঙ্গত  আছে যত প্ৰাণী
 উৎসৱে কীৰ্ত্তন কৰে।
চলি গৈল প্ৰভু  সমস্ত ভকতে
 আপোন নিজৰ ঘৰে॥

(২৯)