এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
পাতে সৌৰজগতৰ নানা গ্ৰহ নক্ষত্ৰ
পিতৃ ৰূপে দেৱ দিবাকৰ।
তুমি হ’লা অসমৰ পিতৃ ৰূপে বৈষ্ণৱৰ
জ্যোতিমান শঙ্কৰ ভাস্কৰ॥
১৫। ঘোষাঃ-
শিৰত থাপিলো শঙ্কৰ শিৰোমণি
কণ্ঠত থাপিলো নাম।
হৃদয়ত থাপিলো প্ৰভু নাৰায়ণ
মনে বিচাৰিলেই পাম॥
পদঃ-
তুমি ব্যতিৰেক নাহি বন্ধু আন
গ্ৰাহ মুখে উদ্ধৰয়।
তুমি হেন নাম পাওঁ যদি প্ৰভু
কহিতো নাহিকে ভয়॥
তাৰ কুল শীল বিদ্যা সৱে ব্যৰ্থ
নকৰে জীৱ উদ্ধাৰ।
কৰ্ম্মৰ বন্ধনে বিষয়ত বান্ধি
আয়যাত কৰে নৰ॥
বেদে ভৈলা বৃক্ষ কণ্ঠে পুষ্প তাৰ
স্বৰ্গে ভৈলা বৃক্ষফল।
যতেক বিষয় ফল ৰস ভৈলা
সুখে তাৰ স্বাদ ফল॥
জানিলে ঈশ্বৰ বৃক্ষতে আছয়
নজানয় অবিচাৰে।
আদি অন্ত স্থিত স্বৰূপ নাজানে
মায়া মোহে থাকি মৰে॥
ইটো বৃক্ষবৰ ব্ৰজ সমসৰ
ছেদিবাক কহো ভেদ।
(২৮)