পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

নৃত্যনাট সংগীতৰ ক্ষেত্ৰৰূপে নামঘৰ
 স্থাপন কৰিলা সযতনে।
গাওঁ সভা ন্যায়ালয় সকলোটি সৃষ্টি হয়
 নাম ধৰ্ম্ম উচ্চাৰিলে ঘনে॥
শাক্ত ধৰ্ম্ম প্ৰবৰ্তক  লগ পাই মাধৱক
 শাস্ত্ৰ যুক্তি কৰি উত্থাপন।
পণ্ডিত প্ৰৱৰলোক  গোবিন্দগিৰি সূত
 সেৱি ৰল তোমাৰ চৰণ॥
শ্ৰীশঙ্কৰ মধুকৰ  মৌৰসে মানৱৰ
 মধুচক্ৰ কৰিলা নিৰ্ম্মাণ।
নৱফুলনিৰ পৰা  বনালা যি ৰহঘৰা
 নাই তাৰ সমতুল্য দান।
শ্ৰীশঙ্কৰ দিবাকৰ  দিব্যজ্যোতি জগতৰ
 অজ্ঞান আন্ধাৰ কৰা নাশ।
শাস্ত্ৰ ব্যৱসায়ী দল  ভূৱা পণ্ডিতৰ বল
 চিহ্ন হ’ল মায়া মোহ পাশ।
সূৰুযৰ আগমনে  নিশাচৰ প্ৰাণীগণে
 ভয়ে ভয়ে আতৰি পলায়।
অজ্ঞলোকে ভয় পায়  আহিল আতৰি হায়
 সাধুসন্তে বেঢ়ি নাম গায়।
সংস্কৃতি কৰি খেতি  একতাৰে বান্ধি ভেটি
 ছটিয়ালা বীজ ভকতিৰ।
নদন বদন কৰি  শাক শস্য দেশ জুৰি
 নাচে হিয়া আই অসমীৰ॥
অসমৰ কৰ্ণধাৰ  শাস্ত্ৰবিদ কলাকাৰ
 ৰক্ষা কৰি জাতিৰ সন্মান।
এৰি অন্য লোকাচাৰ  অসমত সভ্যতাৰ
 উৰুৱালা জাতিৰ নিচান॥

(২৭)