এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
পদঃ-
বদতি শঙ্কৰ শুনা নিৰন্তৰ
কিনো কৃপাময় হৰি।
পদ্মৰ যুগত দুখনি চৰণ
কিয়নো থাকা পাহৰি॥
অনৰ্থ শৰীৰ কৰিল পৰাই
নামত কৰিয়ো ৰতি।
নিন্দাবাদ তৰ্ক অসূয়া তেজিয়া
লৈয়োক সাধু সংগতি॥
ঘোৰ কাল সৰ্পে দংশিলে সবাকে
হৰাইল চেতন জ্ঞান।
ইহাৰ ঔষধ সুধা ৰাম নাম
বিনে নাহি নাহি আন॥
বৰপেটা নাম থান অনুপাম
তৈতে ৰহি কত কাল।
ভকতি বিস্তাৰি লোককো নিস্তাৰি
আছিলা প্ৰভু দয়াল।
তাত অনন্তৰে বেহাৰ নগৰ
আসিলন্ত কৰি লীলা।
তৈতে দিব্য স্থান কৰিয়া নিৰ্মাণ
ভকতিক প্ৰচাৰিলা॥
মহা শুদ্ধাশয় নিজ ভক্ত চয়
সেহি স্থান থাপি থৈলা।
মনষ্য শৰীৰ কৰি পৰিহাৰ
বৈকুণ্ঠক চালি গৈলা॥
প্ৰভূৰ বচন ধৰি সৰ্ব্বক্ষণ
অদ্যাপি সেহি স্থানত
আছা সাধু গণ শ্ৰৱণ কীৰ্ত্তন
কৰিয়া ৰঙ্গে সতত॥
(২২)