পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

পুৰাণ ভাৰত কাব্য কণ্ঠস্থভৈলেক॥
ভৈলা অপ্ৰমাদি লোক জগতে প্ৰক্ষাত।
কৰতল কমল কবিতাত হৈলা খ্যাত॥
হে শঙ্কৰ তুমি গুৰু পৰম ঈশ্বৰ।
বাৰ বছৰ তীৰ্থ ভ্ৰমি লভিলা বিস্তৰ॥
নৰবলি প্ৰেত পূজা অভক্ষ ভক্ষণ।
কৰিছিলে মনুষ্যৰ উদৰ পুৰণ॥
হিংসাদেষে ঢাকিছিল আমাৰ অসম।
জন্ম ললে শঙ্কৰ গুৰু পুৰুষোত্তম॥
হাঁহ, পাৰ শুকৰ ছাগলী বলি দি।
দুৰ্গাদেৱী পুজা পাতিছিলে যথা বিধি॥
শংকৰ গুৰু জনাই সবাকো এৰিলে।
এজন ঈশ্বৰক মাত্ৰ শৰণে পশিলে॥
নামে পৰম ধন কলিত হৰি নাম।
গুৰুজনাই শাস্ত্ৰ ৰচি দিলে মহাজ্ঞান।
ভাগৱত সাৰ আনি আখ্যান ৰচিলে।
প্ৰহ্লাদৰ জ্ঞানে ভকতক ভক্তি দিলে॥
সমস্ত শাস্ত্ৰক মথি আখ্যান ৰচিলে।
কীৰ্ত্তনতে থাপি থৈ প্ৰচাৰ কৰিলে॥
সদায়ে চিন্তিবে যোগ্য এহিসে চৰণ।
ভকতক কৰে ইসে বাঞ্চিত পুৰণ॥
মহা সুখময় ইটো চৰণ দুখানি।
ব্ৰহ্মা হৰে আকেসে সেবয় সত্যমানি॥

...........

১২। ঘোষা:-
দ্বাপৰ যুগৰ দৈৱকী নন্দন
 কলিত কুসুম্বৰ ঘৰে।
কৃষ্ণেসে শঙ্কৰ  স্বৰূপ ধৰিয়া
 জগত উদ্ধাৰ কৰে॥

(২১)