পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


পৰম গোপন  কথা ইটো সিটো
 শুনে ভনে ভক্তি ভাৱে।
নাপায় যাতনা  যমদূত তাক
 চক্ষুয়ে মেলি নাচাৱে॥
আৰু অদভূত  নেদেখিবা ৰাজা
 নামৰ মহা মহিমা।
পাপৰ অন্তক  কিকৈবো মহিমা
 নামেসে মোক্ষ ৰ সীমা॥
সুদৃঢ় বিশ্বাসে  যিজনে লৈলেক
 কৃষ্ণত এক শৰণ।
জানি নিজ ধৰ্ম  সততে মুখত
 নেৰয় হৰি কীৰ্ত্তন।

.................

১১। ঘোষা:-
শঙ্কৰদেৱ জগততে নামৰ আধাৰ।
ঘোষামধ্যে মাধৱদেৱে কৰিলে প্ৰচাৰ॥
নামে পৰম ধন কলিত হৰি নাম।
গুৰুজনাই শাস্ত্ৰ ৰচি দিলে মহাজ্ঞান।

পদ:-
জগত গুৰু শঙ্কৰদেৱ কৰো নমস্কাৰ।
ভকত বান্ধৱ মাধৱদেৱ কৰো নমস্কাৰ॥
শান্তি স্থাপন হেতু ভৈলা অৱতাৰ।
ৰাম নাম মহামন্ত্ৰ কৰিলা প্ৰচাৰ॥
প্ৰচাৰ কৰিয়া গুৰু ক্ষান্ত নাথাকিলা।
শৰণ ভজন দুধাৰমালা ভকতক দিলা॥
শিশু কালে শঙ্কৰদেৱে মাতৃ হেৰুৱালে।
খেৰসুতি আয়ে তেওঁক ডাঙৰ দীঘল কৈলে।
দহ বছৰ পাৰ কৰি ক্ৰীড়া কৰি কৰি।
লৈয়া গৈলা শঙ্কৰক মহেন্দ্ৰ কন্দলী।
গুৰুমানি কন্দলীক শাস্ত্ৰ পঢ়িলেক।

(২০)