পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

ভকতি ফুলেৰে  গাঠি মালা ধাৰী
 মাধৱে ভকতক দিলা॥

পদ:-
শঙ্কৰক লাগ  পায়া মহা ভাগ
 সেবিলা কৃষ্ণৰ চৰণ।
শ্ৰীমন্ত শঙ্কৰ  দেৱৰ চৰণে
 কৰিলা দেহা অৰ্পন॥
সেহি দিন ধৰি  চিত্তস্থিৰ কৰি
 চিন্তিয়া গুৰু চৰণ।
আত্ম শুদ্ধি হুয়া  সূদৃহ বিশ্বাসে
 গুৰুতে ভৈলা মগন।
নাম কীৰ্ত্তনত  পৰে মনুষ্যৰ
 নুহি কৰ্মবন্ধ ছেদ।
সমস্তে সংসাৰ  নামেসে উদ্ধাৰ
 কহিলো পৰম ভেদ॥
ইহাৰ প্ৰমাণ  সুলভে জানিয়া
 যিজনে নামক ৰড়ে।
তাৰ আউৰ তীৰ্থ  ব্ৰত তপ জপ
 কৰ্মতো মন নপৰে॥
ভকতিসে মাত্ৰ  কৰিবে নিশ্চয়
 জীৱন তাৰ সম্ফল।
নামক নধৰি  মৰে কৰ্ম কৰি
 নুগুছে মনৰ মল॥
স্বৰ্গ নৰকক  কৰে আয়া যাত
 পৰম মলিন মতি।
নাহি নাহি জানা  ইটো সংসাৰত
 নাম বিনে আন গতি॥

(১৯)