এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ
তথাপিতো গুৰু বোলাই লোকৰ মাজত ফুৰে
মান্য সতকাৰ খুজি লয়॥
আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ-মন্ত্ৰ-চয়।
হে হৰি তোমাতেসে খেলাৱে কেৱল বদ
তোমাৰ মহিমা নজানয়।
ঐশ্চৰ্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত
পৰামুখ ভৈল যিটোজন।
যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ মহা
পঙ্কে পৰি হোৱয় মগন।
হৰি নাম ধ্বজ কৰি বেদ পথ পৰি হৰি
ফুৰে আতি পাষাণ্ডসকল।
ইহ পৰলোক ভ্ৰষ্ট হুয়া পেট পুষি মাত্ৰ
ফুৰে আতি পৰম নিস্ফল॥
ভাঙনি ঘোষাঃ-
শঙ্কৰে মাধৱে মহামন্ত্ৰ দিলে
নাম-বৃক্ষ-কল্পতৰু
হেন নাম বিন আন পন্থ কহে
নুবুলিবা তাঙ্ক গুৰু॥
পদঃ-
শবদ ব্ৰহ্মৰ পাৰ ভৈল যিটো
কৃষ্ণত ভকতি নাই।
তাৰ শাস্ত্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফল
যেন ৰাখে বাজী গাই॥
ৰজা প্ৰজা জানি লেক ভক্তিপন্থ
শঙ্কৰৰ মত শুদ্ধ।
(১৫)