তাতে আঁউজিয়া গুৰু পুস্তক লিখয়।
দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্মল,
সাতো বৈকুণ্ঠৰ পট আকিয়া দেখাইল।
উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ,
মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ।
সেহি স্থানে নিজ গুৰু কৰিলন্ত বাস,
হয় পুৰুষোত্তম দাসৰো দাস।
লোকৰ কাৰণে হৰি সন্ত মূৰ্ত্তি ধৰ,
তাহাৰ চৰণে কৰো কোটি নমস্কাৰ।
...........................
৮। মূল ঘোযাঃ-
শঙ্কৰদেৱে লিখি গৈছে কীৰ্ত্তনৰ পাতত।
মাধৱদেৱে দোহাৰিছে ঘোষাৰ মধ্যত॥
ভকতিত পৰে আন পথে গতি নাই।
চাৰি বেদ চৈধ্য শাস্ত্ৰ এহি অভিপ্ৰায়॥
পদঃ-
শঙ্কৰেসে শুদ্ধমতে ঈশ্বৰ ভকতি তত্ব
প্ৰচাৰিলে শাস্ত্ৰ সাৰ জানি।
ইহাক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে
আপোনাৰ মহত্ব বখানি॥
শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্বক ভেদি
প্ৰচাৰিলে কৃষ্ণৰ ভকতি।
তাঙ্ক এৰি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহামূঢ়মতি॥
নজানে শাস্ত্ৰ নয় যোহি আহে তাকে কয়
ছেদিবাক নপাৰে সংশয়।