পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/২২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দিহা নামৰ সম্ভাৰ


সকলো লোকক মুখ্য দিবৰ কাৰণে।
কৰিলা বিবিধ শাস্ত্ৰ শঙ্কৰ মাধৱে।
অ’ কলিৰ পৰম পাপ সাগৰ সংকাশ,
প্ৰথমতে দহি তাক কৰে সৰ্ব্বনাশ॥
সমস্ত পূণ্যৰ ফল কীৰ্তনতে পাৱে।
মিলিবে মুকুতি আহি হৰি নাম গাৱে।
অ’ সদা নাম লৱন্তে বাসনা হোৱে ক্ষয়,
নোপজয় পাপ আৰু চিত্ত শুদ্ধি হয়॥
এতেকে ভকতে কৰে সদায়ে স্মৰণ।
কহিলো সমস্ত কথা নামৰ লক্ষণ।
অ’ নিচিনিয়া বিহ খায়ো যেন মৰে নৰ,
নজানি অমৃত খায়ো হোৱয় অমৰ॥
অজ্ঞানতো হাত দিলে দহয় অগনি।
কলিযুগে হৰি নাম ধৰ্ম্ম শিৰুমণি।
অ’ হেন নাম উচ্চাৰিয়া দ্বিজ অজামিল,
কৰ্মৰ বন্ধন ছিঙি মুকুতি লভিল॥

ভাঙনি ঘোষাঃ-

শঙ্কৰ গুৰু কিনো তোমাৰ লীলা।
দিনে ৰাতি ভকতক নামেৰে মুহিলা॥

পদঃ-

জয় জয় বৰদোৱা বৈকুণ্ঠ দুতয়,
সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়।
সেহি স্থানে নিজ গুৰু পাতিলন্ত হাট,
ৰাম নাম মহা ৰত্ন বেহাইলন্ত তাত।
পূৰ দিশে নিৰ্মিলা এক নাম ঘৰ,
মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ।
পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়,

(১৩)