সিয়োজন জানা মই সাক্ষাতে ঈশ্বৰ।
জগততে পূজ্য আৰু নাহি তাত পৰ।
সিটোজনে ভকতি জ্ঞান দান কৰে,
তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে॥
এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তম।
জগতত আন আৰু নাহি তাৰ সম।
ভক্তি জ্ঞান দাতা গুৰু বিনে সেব্য নাই,
কহি লোহোঁ প্ৰতি প্ৰতি তোমাত বুজাই॥
একাদশ স্কন্ধে আছে তৃতীয় অধ্যায়ত।
প্ৰবুদ্ধে কহন্ত নিমি ৰাজাৰ আগত।
উত্তম গুৰু পাৱে কৰোক ভকতি,
তেবেসে তৰিব ঘোৰ সংসাৰ দুৰ্গতি॥
.........................
৭। মূল ঘোষাঃ-
ভক্তিৰসৰ সুধা বাৰু কোনে নমালে।
হৰি নামৰ নিজৰা কোনে বোৱালে।
কোনে বাৰু দিলে মেলি ভক্তি সৰুবৰ,
সেইজনাই নহয়জানো শ্ৰীমন্ত শঙ্কৰ॥
পদঃ-
পূৰ্ব্বকালে ইদেশত নাছিল ভকতি।
নানা ধৰ্ম্ম কৰ্ম্ম সবে কৰয় সম্প্ৰতি।
অ’ নান দেৱ পূজয় কৰয় বলিদান,
হংস, ছাগ, পাৰ কাটে অসংখ্য প্ৰমাণ॥
তল গৈল লোক কলি পাপ সাগৰত।
কৃপাময় কৃষ্ণে পাছে চিন্তি বৈকুণ্ঠত।
অ’ সিটো জীৱ সমস্তক কৰিবে উদ্ধাৰ,
শঙ্কৰ মাধৱ ৰূপে ভৈলা অৱতাৰ
(১২)