পদঃ—
গুৰু শঙ্কৰ পদে কৰো নমস্কাৰ।
বান্ধৰ মাধৱ পদে কৰো নমস্কাৰ।
লোকৰ কল্যাণ হেতু ভৈলা অবতাৰ,
ৰাম নাম মহা ৰত্ন কৰিলা প্ৰচাৰ॥
শুদ্ধৰূপে নাম ধৰ্ম্ম প্ৰচাৰ কৰিলা।
শৰণ ভজন মালা ভকতক দিল।
তিনি সন্ধ্যা গুৰু সেৱা কৰে সিটোজন,
গুৰু কৃপাহন্তে তত্ব মিলয় সিজন॥
অশেষত আছে গুৰু সংসাৰ ভিতৰ।
নামদাতা গুৰু সৰাসাতে শ্ৰেষ্ঠতৰ॥
সংসাৰ সাগৰ মাজে গুৰুসে কাণ্ডৰ,
গুৰুৱে কৰিব পাৰে সংসাৰৰ পাৰ॥
সংসাৰত যাতহন্তে লভয় জনম।
আদ্য গুৰু পিতৃ সিটো পূজনী উত্তম।
আনো সৱ যত যত পূজনী আছয়,
সবাতো অধিক পিতৃ পূজনী হোৱয়॥
খৰচাপৰিঃ
অ' হৰি অ’ ৰাম নাৰায়ণ ....
ৰাম হৰি অ' অ' ... ৰাম নাৰায়ণ।
পদঃ— গুণৱন্ত সন্ত অতি শুদ্ধ দ্বিজোত্তম। সদ-কৰ্ম্মশালী মহা বেদজ্ঞ পৰম॥ যজ্ঞসুত্ৰ লৈয়া তান্তে বেদ অভ্যাসয়, ইহাক দ্বিতীয় গুৰু বোলয় নিশ্চয়॥ জন্মদাতা পিতৃকো কৰিয়া শ্ৰেষ্ঠ আতি। তৃতীয় গুৰুৰ কথা শুনা কৰ্ণ পাতি। সৱ আশ্ৰমীতে কহে ঈশ্বৰ জ্ঞানক,
দেয় উপদেশ যিটো ভকতি পন্থক॥
(১১)