পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাম নিৰঞ্জন ভক্তি প্ৰৱাহ
( দিহা নাম )

 
 ঐতিহাসিক ভাৱে মাধৱপুৰুষে ভকতিৰ মূল প্ৰবেশদ্বাৰ শ্ৰৱণ-কীৰ্ত্তনক “আনন্দ কৰিয়া, উৎসৱ কৰিয়া” বুলি দিয়া আহ্বানৰ ফলশ্ৰুতি ৰূপেই শঙ্কৰী যুগৰ পৰবৰ্তী সময়ত দিহানাম, থিয়নাম আদি লোক সঙ্গীতৰ ধাৰাটো সৃষ্টি হয় বুলি ভৱাৰ থল আছে। বোধহয় মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে সেই সময়ৰ ভাৰতীয় সমাজ ব্যৱস্থাত জনপ্ৰিয় হৈ পৰা ফাল্গু উৎসৱলৈ লক্ষ্য ৰাখিয়েই সাত্বিকভাৱে পৰিবেশন কৰা ভগৱন্তৰ নাম আনন্দ বা উৎসৱ কৰিয়েই গাবলৈ আহ্বান জনালে। অৱশ্যে হৃদয়ত পৰমানন্দ বোধৰ বাবে এইবিধ কলা সহজ সৰল অসমীয়াৰ বাবে আটাইতকৈ গ্ৰহণযোগ্য।
 

সংকলকঃ শ্ৰীমতী মনোমতী বড়া