পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 দিহানাম, লোক সংগীতৰূপে স্বীকৃত যদিও বৰ্ত্তমান ইয়াত    লৌকিক আৰু আধ্যাত্মিক দুয়োটা উপাদানৰে সমন্বয় ঘটাটো    সৰ্ব্বজনবিদিত। লৌকিক উপাদানৰূপে গুৰু শঙ্কৰদেৱ আৰু তেৰাৰ   প্ৰপন্ন শিষ্য গুৰু মাধৱদেৱৰ গুণ-গৰিমা ৰোমন্থনৰ উপৰিও -অৱতাৰ বাদৰ ভেটিত গঢ়ি উঠা লীলাসমূহ সাঙুৰি লোৱা হয়। অন্যহাতে, প্ৰতিটো লৌকিক বিশ্লেষণতে আধ্যাত্মিকতাবাদ অনিবাৰ্যভাৱে আহি পৰাত স্বাভাৱিকতে দিহানাম অলৌকিক সাধনাৰ মাধ্যমলৈ ধাবিত হয়। সময় আৰু পৰিবেশ প্ৰকৃতিৰ দুইচিৰপ্ৰবাহিত উপাদান। গতিকে দিহানামেও ভৌতিকৰ পৰা আধ্যাত্মিক জগতলৈকে বিচৰণ কৰোঁতে দেহবিচাৰৰ গীত সমূহকো সাঙুৰি এটি নব্য ধাৰাৰ সূচনা কৰে।