পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৯৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


দুৰ্লভ মনুষ্য জন্ম কৰিয়োক সিদ্ধি॥
ধন-জন পুত্ৰ-ভাৰ্যা মহাস্বাদ পাই।
হৰিনাম মহাৰাম তাতে ইচ্ছা নাই।
বোলে মোৰ পুত্ৰ-ভাৰ্যাই কেনমতে খাই।
ভকতিয়া ভৈলে মোৰ নুযুৱাই গায়।
এহিমতে হেৰা কৰি কয় ভকতি।
জানিবা নাৰদ সিটো ভৈলা অধোগতি॥
চাৰিকুৰি চাৰিখন নৰক আছয়।
সিটো নৰ্ক পোতা যাইবে কলিত নিশ্চয়।
বোলে মোৰ পুত্ৰ ভাৰ্যা মুকুতিৰ দ্বাৰ।
শগোটে শলৈয়া হোৱে সিন্ধুপাৰ॥
মনে মাধৱক নকৰিবা পৰিহাৰ।
তৰিবা কলিত সুখে ইটো মহাভাৰ॥
যিটো ৰাজহংস সৰোবৰত চৰয়।
শামুকক লাগি মনে বাঞ্চা নকৰয়॥
অথিৰ শৰীৰ হেনজানি মনে চিত্তে।
নকৰিবা পাপ বুদ্ধি ইহাৰ নিমিত্তে॥
ধন-জন-পুত্ৰ পত্নী সবে হোৱে ছন্ন।
অকলে কৰিব পৰলোক গমন॥
হেনজানি সৰ্ব্বজনে এৰি আন কাম।
পাতক চাবোক ডাকি বোলা ৰাম ৰাম॥

..................


॥ সমাপ্ত॥