পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


আগে বন্দে পাছেনিন্দে পৰম দুৰ্মতি॥
হেন ভকতক এৰি মহামূঢ় নৰে।
শৱতুল্যশৰীৰক আত্ম বুদ্ধি কৰে॥
জলত কৰয় তীৰ্থ বুদ্ধি নিৰন্তৰে।
এহি চাৰি বুদ্ধি মহাজনত নকৰে॥
ভকতৰ মিত্ৰ হৈবা মোৰ যেন প্ৰাণ
মই মহাভিক্ষুক দিয়োক ওহি দান॥
কৰ্ণে কথা মনে ৰূপ মুখে তযু নাম।
সদায়ে ৰহোক ডাকি বোলা ৰাম ৰাম॥

৯৭। মূল ঘোষাঃ—

জীৱ আত্মা পৰম আত্মা দুয়ো ককাই ভাই।
দেহ নামে ঘৰে থাকে চিনা জনা নাই॥
সংসাৰ সাগৰে থাকে জীব নামে ভাই।
মন সমে দশানন ভোগ কৰোৱাই॥

পদঃ-

এটি ঘৰ নৱদ্বাৰ গুৰু হাতে ছাৱি।
কোনদিনা যাবদেহা নপাইলোহো ভাৱি॥
কোন পথে আনিছিলা কোন পথে নিবা।
পাপ-পুণ্য কৰ্ম্মফল যমপুৰে দিবা।
একে গৃহে থাকি গলা দুয়ো ককাই-ভাই।
যমদুতে লৈয়া যাব জীৱভোক্তাক পাই॥
পৃথিৱীতে পৰি ৰব তনু-ধন সোণ।
শুদাহাতে যাবানেকি ভাৱি চোৱা চোন॥
যমদণ্ড এইবাৰ যদি কৰা মন।
গুৰু বাক্য ৰাখি চিন্তা দেৱ নাৰায়ণ॥
ৰাম নাম দুটি অক্ষৰ হৃদয়ত বান্ধি।

(১৮৩)