পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পদঃ-

মাধৱ বদতি তুমি শুনা সৃষ্টিকৰ
ইটো অৱতাৰ কথা শুনা বিধিবৰ।
পদ্মৰূপ ধৰি শূদ্ৰ কুলে হৈবো যাত
হৈবোহো শঙ্কৰ নামে জগতে প্ৰখ্যাত।
দ্ৰোণসে কুসুম্ব হীৰা সত্য সন্ধ্যা হয়
তাহাৰ ঘৰত মই জন্মিবো নিশ্চয়।
নিজ যশ ধৰ্ম্মৰীতি প্ৰচাৰ কৰিবো
জ্ঞান দানে সমস্তৰে মনক পূৰাইবো।
মোৰ অংশে অৱতাৰ হলিৰাম নাম ধৰ
মাধৱ স্বৰূপে তৈতে হৈব অৱতাৰ।
শুনিয়া বিধিয়ে ঘোৰ নৰকে সংশয়
কি কাৰণে শূদ্ৰকুলে জন্মিবে লাগায়।
কি কাৰণে শঙ্কৰ নামক ধৰিয়ো
মোৰ আগে প্ৰভু ইটো নিষ্ঠ কৰি কৈয়ো।
নাৰায়ণে কহিলন্ত পূৰ্ব্বৰ কথাক
হৰে পাৰ্থিলন্ত তান নাম ধৰিবাক।
সিকাৰণে শঙ্কৰৰ নামক ধৰিলো।
তযু আগে বিধি মই নিষ্ট কৰি কৈলো।

...................

মূল ঘোষাঃ-

শঙ্কৰে আনি দিলে ভক্তিৰ পানচৈ।
মাধৱে বুজাই দিলে পাৰ হবলৈ।
বুজা মন ভাই, লোৱা মন ভাই,
মুক্তি মন্ত্ৰ দিলে আমাক গুৰু দুজনাই॥

(১০)