পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


কৃষ্ণ গুণনাম ধৰ্ম্মসে পৰম
 মঙ্গলৰো সুমঙ্গল।
কৃষ্ণৰ কীৰ্ত্তন ৰসেহে কেৱল
 মুকুতি সুখৰ ফল॥
যিহেতু কৃষ্ণৰ  কীৰ্ত্তন ধৰ্ম্মত
  নাহিকে পাত্ৰ নিয়ম।
কেৱলে কৃষ্ণৰ  কীৰ্ত্তন কৰয়
  সমস্তকে নৰোত্তম॥
হৰিৰ সেৱাত  নাহিকে প্ৰয়াস
 জানিবা নিশ্চয় কৰি।
নাম মাত্ৰ লৈলে   হোৱন্ত সন্তুষ্ট
  কিনো কৃপাময় হৰি॥
হৰিৰ চৰণ   সদা আৰাধন্ত
 ব্ৰহ্মা হৰ পুৰন্দৰ।
হেন হৰিপদে   শৰণ নলৱে
 কিনো বুদ্ধিহীন নৰ॥
ভাৰত ভূমিত  জনম লভিয়া
  নভজে হৰি চৰণে।
সিটো জ্ঞানশূণ্য  পশুতো অধম
 জনম ধৰিলা কেনে॥
কলি গ্ৰাহে  ধৰি সবাকো গিলয়
 নাহিকে চেতনমনে।
ত্ৰাহি হৰি বুলি  শৰণে পশিয়ো
 অভয় হৰি চৰণে॥
জ্ঞানে বা অজ্ঞানে  মাধৱৰ নাম
 যিজনে ফুৰে সুমৰি।

(১৭০)