পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


আন ধৰ্ম্ম নাহি হৰি নামৰ উপাম।
হৰিৰ বল্লভ সিটো সদা বোলে ৰাম॥
হৰি কীৰ্ত্তনত সবে নকৰিয়ো হেলা।
এহিসে ৰাখিবে মোৰ সঙ্কটৰ বেলা॥
ৰাম নাম প্ৰেমলতাই জগত আছে জুৰি।
নামকে বিচাৰি ফুৰো ব্ৰহ্মাণ্ডতে ঘূৰি॥
দুষ্টক দমিলা প্ৰভূ সন্তক পালিলা।
ৰাম নাম দিয়া হৰি সংসাৰ তৰিলা॥
ক'ত আছ হৰি বুলি নাপাওঁ বিচাৰি।
শৰীৰতে আছা প্ৰভূ আত্মৰূপ ধৰি॥
হেন জানি নিৰন্তৰে এৰি আন কাম।
হৃদয়তে চৰণ চিন্তি বোলা ৰাম ৰাম॥

৯১। মূল ঘোষাঃ-

বিদুৰ বিভীষণে দধিচি কৰ্ণৱে
 তেজি বিষয়ৰ ধৰ্ম্ম।
দেহ-গেহ যত  অৰ্পিলে কৃষ্ণতে
 কৰি মাধৱৰ কৰ্ম্ম॥

পদঃ-

ধৰ্ম্মে পৃথিৱীৰ  আগত কহিলা
 মহাভাগৱত ধৰ্ম্ম।
মুকুতি সুখৰ  কেৱলে আশ্ৰয়
 জানা মাধৱৰ কৰ্ম্ম।
কৃষ্ণৰ চৰণ  চিন্তিয়া থাকয়
 কৰিয়ো কীৰ্ত্তন কৰ্ম্ম।
মনুষ্য লোকত  এহিমানে মাত্ৰ
 পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম।

(১৬৯)