সমললৈ যাওক

পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


গোলোকলৈ কৰে গতি নাম-নামীলৈ।
ভকতক ভকতি প্ৰেম সাগৰত থৈ॥

পদঃ—

ৰাম নাম লৈয়া পাপীজনো তৰে সুখে।
হে ৰাম নামৰ ভাণ্ডাৰ ভৈলা মুখে॥
যি মুখে বুলিবা ৰাম সিমুখে ভাণ্ডাৰ।
সদায়ে ভাৱিয়ো ৰাম ক্ষয় নাহি যাৰ॥
অনন্ত ৰসৰ নিধি ৰাম কৃষ্ণ নাম।
মুখ ভৰি সদায়ে ডাকিয়ো ৰাম ৰাম॥
ৰাম কৃষ্ণ হৰি ৰাম মুখে থাকে যাৰ।
সেহিসে হৰিৰ প্ৰিয় হৰি ভৈলা তাৰ॥
ৰাম কৃষ্ণ নাম ভকতৰ মহাধন।
সদা নাম লৱয় আনন্দ কৰি মন॥
যাৰ মুখে ৰাম বাণী আসে সৰসৰী।
জানিবা নিশ্চয় তাৰ বৈশ্য ভৈল হৰি॥
হৰি সেৱা বিনে আউৰ সফল অসাৰ।
এহিমানে মাত্ৰ সৰ্ব্ব শাস্ত্ৰৰ বিচাৰ॥
নামৰ ভাণ্ডাৰ মুখে লৈ কত পুণ্যভাগে।
আনন্দে ভাবিয়ো ৰাম যাক যত লাগে॥
ৰাম কৃষ্ণ নাম যাৰ মুখে ভৈল গীত।
নামৰ প্ৰসাদে সিটো ভৈল কৃত কৃত্য॥
হৰিৰ চৰণ চিন্তি হৰি সেৱা কৰা।
দুৰ্লভ মনুষ্য জন্ম বিফল নকৰা॥
নিত্যানন্দ ৰাম ভকতৰ মহাধন।
হৰি বিনে আন ধৰ্ম্ম সবে অকাৰণ॥
ৰাম কৃষ্ণ নাম যা থাকয় মুখত।
যম যম-দূতক নেদেখে সপোনত॥

(১৬৮)