পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


আশ্বাসিয়া কহিলন্ত দেৱ ভগৱান।
শুনা শুনা বসুদেৱ তোমাৰ কাৰণ॥
আছিলাহা পূৰ্বতে সুতপা নামে ৰজা।
আছিলন্ত দৈৱকীয়ো পৃষ্ণি নামে ভাৰ্যা।
ৰাজ্য সুখ এৰি দুয়ো তপস্যাৰ বেশে।
পুত্ৰ কামনাৰে মোক পুজিলা আশেষে॥
তাপ-তুষ্ট হুৱা পূৰ্ণ কৰিলো সাধন।
তিনি জন্ম তোমাসাৰ হৈবোহো নন্দন॥
সেই জন্মে পুত্ৰভৈলে পৃষ্ণি গৰ্ভে হৰি।
যুগে যুগে জগৰৰ বাঞ্চা পূৰ্ণ কৰি॥
দ্বিতীয়ে লভিল জন্ম অদিতি কাশ্যপ।
সেই জন্মে পুত্ৰ ভৈলো বামন স্বৰূপ॥
তৃতীয়তে বাসুদেৱ দৈকৱী যে নাম।
কৃষ্ণৰূপে তোৰা দুইৰো পূৰ্ণ কৰো কাম॥
গকুলৰ লীলা মই সামৰিয়া থৈ।
কংসৰ বধ হেতু আই যাবো মথুৰলৈ॥
কাৰাগাৰ হন্তে মুক্ত কৰি পিতা-মাতা।
উগ্ৰসেন সবে ভক্ত পিতামহ-ভাতা॥
ভকতক ৰক্ষাহেতু মোৰ অৱতাৰ।
সিকাৰণে নাশ হৈবে কংস চদুৰাচাৰ॥
সবে ভকতৰ মনোৰমক পুৰাইবো।
যত কাৰ্য সিদ্ধি কৰি বৈকুণ্ঠক যাইবো॥

....................

৯০। মূল ঘোষাঃ-

ৰাম নামৰ প্ৰেমৰ ভাণ্ডাৰ হিয়াত আছে ৰৈ।
ভকতৰ মুখ-পদ্মে ধীৰে ধীৰে বৈ॥

(১৬৭)