পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


৮৮। মূল ঘোষাঃ—

গৰু চাৰি চাৰি  ভাতে মোকলাইলো
 লৱণু কৰিলো চুৰি।
কোটি ব্ৰহ্মাণ্ডক গৰ্ভতে দেখাইলো
  নুবুলিলা মোক হৰি॥

পদঃ—

নাৰায়ণ ৰূপে  অনন্ত শৰ্যাত
  জলত কৰি শয়ন।
নাভি পদ্মহন্তে  ব্ৰহ্মাক সুজিলো
  স্ৰজিলো তিনি ভূৱন॥
বেদক পঢ়াইলো   তত্বজ্ঞান কৈলো
 অজ্ঞান কৰিলো দূৰ।
তোহোৰ ঘৰত  যতেক ঐশ্বৰ্য
 সবে ভৈল মষিমূৰ॥
হংসৰূপে মই   স্বৰ্গক কম্পাইলো
 ব্ৰহ্মাৰ সভাত ৰৈলো।
মুনি সমস্তৰ   সংশয় ছেদিলো
 আত্ম তত্বজ্ঞান কৈলো॥
সিদ্ধ মুনি সবে  সাদৰিলে মোক
  প্ৰণামিলে সৃষ্টি কৰে।
আবে আসি মই   পূৰ্ব্ব কথা মতে
  পুত্ৰ ভৈলো তোৰ ঘৰে।
ব্যাসৰূপে মই  চাৰিয়ো বেদৰ
 কৰিলোহো শাখা ভেদ।
জ্ঞান-কৰ্ম্ম-ভক্তি  প্ৰবৃত্তি-নিবৃত্তি
 দিলো সবে পৰিচ্ছেদ।

(১৬৩)