এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
যাকেৰি চৰণকু ৰেণু শিৰে পৰশি
মুকুতি সুখ সুখে পাই॥
মাধৱ দীন মুৰুখমতি হয়
বাণী শুন সব লোই,
বিনে গুৰু চৰণে ভকতি ৰকতি
মুকুতি কবহুনা হুই॥
ওহি পৰমতত্ব বেদক বাণী
জানি নৰ নকৰ বিৰাম,
ধৰমক কৰমক গৰবক চোৰি
ডাকি বোলহু ৰাম ৰাম॥
.................
মূল ঘোষাঃ-
এ শঙ্কৰ গুৰু কি নামে বান্ধিলা ভেটি-
শঙ্কৰ গুৰু ৰাম নামে বান্ধিলা ভেটি।
মাধৱক লগত লৈ,
ধৰ্ম প্ৰচাৰিলা,
জগততে নামৰ মেলা পাতি-
শঙ্কৰ গুৰু ৰাম নামে বান্ধিলা ভেটি॥
পদঃ—
হৰি নাম ৰসে এ শঙ্কৰ গুৰু
বৈকুণ্ঠ প্ৰকাশে এ শঙ্কৰ গুৰু
প্ৰেম অমৃতৰ নদী শঙ্কৰ গুৰু কি নামে...
শ্ৰীমন্ত শঙ্কৰে এ শঙ্কৰ গুৰু
পাৰ ভাঙি দিলে এ শঙ্কৰ গুৰু
বহে ব্ৰহ্মাণ্ডক ভেদি শঙ্কৰ গুৰু কি নামে...
গুবিন্দৰ প্ৰেম এ শঙ্কৰ গুৰু
অমৃতৰ নদী এ শঙ্কৰ গুৰু
(৮)