পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ভাঙনি ঘোষাঃ—
বৈকুণ্ঠৰ খেলা আনি বৃন্দাবনত থৈ।
পূৰ্ণ ব্ৰহ্মই ভোজন কৰে গোপ শিশুলৈ॥
পদঃ—
লীলা কৰি পূৰ্ণ ব্ৰহ্মই বহুবিধ অন্ন।
পৰম হৰিষে শিশুক ভোজন কৰান্ত॥
মাধৱক মধ্য কৰি পাতিলন্ত কেলি।
পদ্মৰ চকাক যেন পাত্ৰে আছে বেঢ়ি॥
পেলাইবাক চাহন্তে মুখৰ দধি যত।
দেখিয়া গোবিন্দে নিষেধিলা তুলি হাত॥
ভয় খাই সখিসৱ নেৰিবা ভোজন।
এতিক্ষনে বিচাৰি আনিবো বৎসগণ॥
যমুনাৰ বালিত যেবে ভূঞ্জিবাক লৈলা।
গোৰক্ষ-দামুৰি ব্ৰহ্মাই চুৰ কৰি নিলা॥
ধেনু নাই বৎস নাই শ্ৰীদাম–সুদাম।
দামুৰি হেৰুৱাই চিন্তে পূৰ্ণ ঘনশ্যাম॥
কৈক গৈলা শ্ৰীদাম সুদাম দুয়ো ভাই।
কৈক গৈল ধেনু–বৎস নাপাইলো উপাই॥
হাতত ভাতৰ গ্ৰাস প্ৰভূ যদুবাই।
যমুনাৰ তীৰে তীৰে ধেনু বৎস চাই॥
উপৰে উৰিছে পক্ষী তাকে সোধে কানু।
এহি পথে দেখিলানে আমাৰ বৎস ধেনু॥
শাম–কানু বৎস হেতু চতুৰ্পাশে যায়।
ব্ৰহ্মাই কৰিলে চুৰি কতে বাৰু থয়।
বৃন্দাবনে মাজে প্ৰভূ বহি যোগাসনে।
ব্ৰহ্মাই কৰিলে চুৰি জানিলা ধিয়ানে॥
কহয় কিঙ্কৰ জানি প্ৰভূ ঘনশ্যাম।
পাপৰ নিৰ্মাণ হোক বোলা ৰাম ৰাম॥

....................

(১৫৯)