পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


৮৫। মূল ঘোষাঃ—
যম-কাল-মৃত্যু মায়া কৃষ্ণৰ অধীন।
কালীক দমিলা প্ৰভূ ভক্তৰ কাৰণ॥
যশোদা কান্দিলা কালী কৃষৰ লৈলা প্ৰাণ।
বলো প্ৰবোধিলা এহি মায়া নাৰায়ণ॥
পদঃ— বলো বোলে মা তুমি কান্দা কিকাৰণ।
মায়া কৰি আছে কৃষ্ণই মুদিয়া নয়ন॥
উঠা উঠা মা তুমি নকৰিবা শোক।
এতিক্ষণে আহিব হৰি দমিয়া কালীক॥
আকাশে দুন্দুভি বাজে বাজে শঙ্খধ্বনি।
কালীৰ শিৰে পাৱ দিয়া নাচে যদুমণি॥
ইফেনাৰ পৰা হৰি সিফেনালৈ যায়।
তলবল কৰে কালী ৰুধি বহে হায়॥
কালীৰ শিৰে মৃত্যু কৰে দেৱ গদাধৰ।
ফনা ভাগি ছিগি মুখে বহয় ৰুধিৰ॥
কালীৰাই শিৰে শিৰে নাচে যদুৰাই।
কালীক দমিলা প্ৰভূ মোহন বাংশী বাই॥
যমুনাৰ বালিত কালী কিনো তপসাইলা।
ভগৱন্ত পদধূলা শিৰপাতি লৈলা॥
কালীৰ শিৰত হৰি আনন্দে নাচয়।
নাগপত্নী স্তুতি কৰে কৃতাঞ্জলি হই॥
পাতালৰ নাগকন্যা পৰি কৰে স্তুতি।
স্বামীদান দিয়া প্ৰভূ অগতিৰ গতি॥
নাগপত্নী স্তুতি কৰে হৰি মোৰ প্ৰাণ
আঞ্চল পাতিয়া মাগো দিয়া স্বামীদান॥

(১৫৮)