পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


কিনো দুষ্ট কিনো দুষ্ট নন্দৰ কুমাৰ।
কৃষ্ণৰ কাৰণে প্ৰাণ নৰহে আমাৰ॥
প্ৰভাততে যশোদা পুত্ৰক বোলে লৈয়া।
ব্ৰহ্মাণ্ডৰ সুখে আছে পুত্ৰ মুখ চায়া॥
গোকুলৰ গোপী আহি দিলেহি গোচৰ।
কতনো সহিবো আমি কৃষ্ণৰ জগৰ॥
কতো দেখা নাই আই কতো শুনা নাই।
এনুৱা দুষ্টালি লৰা ব্ৰহ্মাণ্ডতো নাই॥
গকুলৰ যত গোপী সবাৰো গোচৰ।
কতনো সহিবো আই কৃষ্ণৰ জগৰ॥
শিথিল মেখলা থোপা মুখে ঘৰ্মজল।
গাৱৈ কৃষ্ণ গুণ-গীত গোপীকা সকল॥
কৃষ্ণৰ অসংখ্য মূৰ্ত্তি জ্বলৈ মেঘনয়।
প্ৰকাশে বিজুলী যেন তাত গোপীচয়॥
ঘৰ্ম্মজলে কণিকা গৰ্জনে ভৈল গীত।
আকাশৰ পৰা দেবে দেখে বিপৰীত॥
কৃষ্ণ আলিঙ্গন পাই অশেষ হৰিষ।
কৃষ্ণ গুণ গীতে পুৰিলেক দশোদিশ॥
এহিমতে নৃত্য গীতে কৃষ্ণক তুষিলা।
সাধু সাধু বুলিয়া মাধৱে প্ৰশংসিলা॥
তাসম্বাক বহুমান দিলন্ত মাধৱ।
আনন্দে আকুল মিলৈ মহা মহোৎসৱ॥
কৃষ্ণৰ চৰিত্ৰ যেন জগততে সাৰ।
বোলা হৰি হৰি যেবে তৰোক সংসাৰ॥
হেন জানি নিৰন্তৰে এৰি আন কাম।
পাতক চাৰোক ডাকি লোৱা কৃষ্ণ নাম॥

......................

(১৫৭)